কাজিৰঙাঃ এটা দুটা নহয়, ২৪ ৰাউণ্ড এ কে ছিৰিজৰ গুলীৰে থকা-সৰকা কৰিলে অসম গৌৰৱক।মন্ত্রীপৰিমল শুক্লবৈদ্যই বন বিভাগৰ দায়িত্ব লােৱাৰ পাছত প্ৰথমটো গঁড় হত্যাৰ ঘটনা সংঘটিত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। শুকুৰবাৰে পুৱা প্রায় ৭.২০ বজাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ অধীনৰ অতি দুর্গম অঞ্চলত চোৰাং চিকাৰীৰ দলে অতি নৃশংসভাবে এটা মতা গঁড় হত্যা কৰি খড়া কাটি উধাও হয়। সাগৰ পৃষ্ঠৰ পৰা প্ৰায় এহেজাৰ ফুট ওপৰত ঘন অৰণ্যৰ মাজত চোৰাং চিকাৰৰ দলটোৱে বাহৰ পাতি আছিল বুলি বন বিভাগৰ পৰা জানিব পৰা গৈছে। ঠিক তেনে সময়তে এটা মতা গঁড় সেই দুর্গম অঞ্চলটোলৈ উঠি গৈছিল। লগে লগে খাপ পিটি থকা চোৰাং চিকাৰীৰ দলটোৱে গঁড়টোক এ কে ৪৭ বন্দুকেৰে ধাৰাসাৰ গুলীবর্ষণ কৰি অতি নৃশংসভারে হত্যা কৰে আৰু খড়গ কাটি উধাও হয়। আনহাতে ধাৰাসাৰ গুলীৰ শব্দ শুনা পাই চোৰ গ'লে বুদ্ধি আৰু বৰষুণ গলে জাপি পিন্ধা বন বিভাগৰ জোৱান ঘটনাস্থলীত উপস্থিত হৈ খড়গহীন গঁড়টোৰ মৃতদেহ উদ্ধাৰ কৰে। পাছত ঘটনাস্থলীৰ পৰা ২৪ ৰাউণ্ড এ কে ছিৰিজৰ গুলী উদ্ধাৰ কৰাৰ লগতে আটাৰ পিঠাৰ খাদ্য-সামগ্রী উদ্ধাৰ কৰে। বন বিভাগ আৰু আৰক্ষীয়ে যুটীয়াভাৱে সমগ্ৰ কুকুৰাকটা পাহাৰ আৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ দক্ষিণে থকা কার্বি পাহাৰত পৃথকে মিফাৰ উগৰ সহায়ত অভিযান অব্যাহত ৰাখিছে যদিও বর্তমানলৈকে চোৰাং চিকাৰীৰ দলটোৰ কোনাে সম্ভেদ লাভ কৰিবলৈ সক্ষম হােৱা নাই। উল্লেখ্য যে মাত্র কিছু দিন পূর্বে উক্ত বুঢ়াপাহাৰ বনাঞ্চলতে আৰক্ষীৰ গুলীত এটা চোৰাং চিকাৰী নিহত হৈছিল। কিন্তু ইয়াৰ পাছতাে চোৰাং চিকাৰীৰ দলে দপদপনি অব্যাহত ৰাখি পুনৰ একেখন বনাঞ্চলতে গঁড় হত্যা কৰা ঘটনাই আৰক্ষী আৰু বন বিভাগক তীব্র অস্বস্তিত। পেলাইছে। আনহাতে ৰাজ্য চৰকাৰে বন বিভাগটো যিমানেই আধুনিকীকৰণ কৰিবলৈ প্রচেষ্টা অব্যাহত ৰাখিছে, ইয়াৰ বিপৰীতে কিন্তু গড় হত্যাৰ ঘটনা হ্ৰাস পােৱা নাই। উল্লেখ্য যে কিছু দিন পূর্বে মুখ্যমন্ত্ৰীৰ উপস্থিতিত কাজিৰঙাৰ বন বিভাগক অত্যাধুনিক মাৰণাস্ত্র যােগান ধৰা হৈছিল। কিন্তু ইয়াৰ পাছতাে চোৰাং চিকাৰীৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হােৱা নাই বন বিভাগ। জখলাবন্ধা আৰক্ষীয়ে চোৰাং চিকাৰীৰ বিৰুদ্ধে কঠোৰ অভিযান চলালেও গঁড় হত্যা ৰােধ কৰিবলৈ সক্ষম হােৱা নাই। যাৰ পৰিণতিত আৰক্ষী আৰু বন বিভাগৰ কঠোৰ নিৰাপত্তা বেষ্টনী ফালি শুকুৰবাৰে পুৱা দিনৰ পােহৰৰ মাজতে অনায়াসে গড় হত্যা কৰি খড়া কাটি নিবলৈ সক্ষম হল। কাজিৰঙাৰ বিভিন্ন দল-সংগঠন তথা স্থানীয় ৰাইজে বন আৰু আৰক্ষী বিভাগৰ দুর্বল নিৰাপত্তা ব্যৱস্থাক ধিক্কাৰ দি শীঘ্ৰে গঁড় হত্যা ৰােধ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে। উল্লেখ্য যে চলিত বৰ্ষত বাগৰি বনাঞ্চলত এটা, উত্তৰ পাৰে এটা, লহৰে চাপৰিত এটা আৰু বুঢ়াপাহাৰৰ কুকুৰাকটা পাহাৰত এটাকে ধৰি মুঠ চাৰিটা গঁড় হত্যাৰ ঘটনা সংঘটিত হৈছে।
Responsive Ads Here
Saturday, May 12, 2018

ধিক বন বিভাগ, দিনৰ পােহৰতে কাজিৰঙাত গঁড় হত্যা
Tags
# অসম
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment