অসমৰ যুৱক বহিঃৰাজ্যত সন্ধানহীন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, June 02, 2018

অসমৰ যুৱক বহিঃৰাজ্যত সন্ধানহীন

লাহৰীঘাট : অভিশাপ স্বৰূপ দৰিদ্ৰতাৰ পৰা মুক্তি লাভ কৰাৰ স্বাৰ্থত বহিঃৰাজ্যত কাম কৰিবলৈ গৈ অসমৰ এগৰাকী যুৱক কিছুদিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত বৰবৰী গাঁৱত। জানিব পৰা মতে, ১৫ মে’ৰ পুৱা প্ৰায় ৭ বজাত মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত বৰবৰী গাঁৱৰ শ্বৰিফুল ইছলাম নামৰ যুৱকজনে ঘৰৰ পৰা কাপোৰ-কানি লৈ কামৰ সন্ধানত চেন্নাইলৈ ৰাওনা হৈছিল। ইমানদিনে সকলো ঠিকেই আছিল। যোৱাৰ পিছৰ পৰা ঘৰত মা-দেউতাৰ লগত ফোনযোগে বাৰ্তালাপো অব্যাহত আছিল।
কিন্তু ২৭ মে’ৰ সন্ধিয়া প্ৰায় ৫ টা মান বজাত যুৱকজনৰ পিতৃয়ে ৯৯৫৭৩৩৩৪২৭ মোবাইল নম্বৰৰ পৰা শ্বৰিফুল ইছলামৰ নিজস্ব মোবাইল ৯৯৫৪৩০৮৭১২ নম্বৰৰ সৈতে ফোনত বাৰ্তালাপ কৰি থকা সময়তে সংযোগ বিচ্ছিন্ন হৈ পৰে আৰু ইয়াৰ পিছৰ পৰা আজি পৰ্যন্ত যুৱকজনৰ কোনো ধৰণৰ সম্ভেদ পোৱা নাই। সম্প্ৰতি উপায়হীন পৰিয়ালটিয়ে অসহায় হৈ প্ৰশাসনৰ সহায় বিচাৰি লাহৰীঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক এই সন্দৰ্ভত এখনি লিখিত জাননী দিছে।
অৱশ্যে শ্বৰিফুলৰ পৰিয়ালে লাহৰীঘাট থানাৰ সুদক্ষ ভাৰপ্ৰাপ্ত বিষয়া প্রসেনজিৎ দাসৰ পৰা এই ক্ষেত্ৰত যথেষ্ট সহায় লাভ কৰিব বুলি আশা ব্যক্ত কৰিছে। ইয়াৰ উপৰি যুৱকজনৰ যদি কোনো ব্যক্তিয়ে যুৱকজনৰ কোনো সম্ভেদ পাই ওচৰৰ আৰক্ষী নতুবা ৯৯৫৭৩৩৩৪২৭ ফোন নম্বৰত খবৰ দিবলৈ পিতৃ আব্দুল বাৰেক আৰু মাতৃ হাফিজা বেগমে সকলোকে অনুৰোধ জনাইছে৷

No comments:

Post a Comment

SPONSORED