কোকৰাঝাৰ/ডিব্ৰুগড় : উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ সৌন্দৰ্য প্ৰতিযোগিতাৰ আয়োজক মেগা এণ্টাৰটেইনমেণ্টে ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত ১৬ সংখ্যক সংস্কৰণ ছানছিল্ক মেগা মিছ নৰ্থ ইষ্ট আৰু নৱম সংস্কৰণ গাৰ্নিয়াৰ মেন মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ অডিচন আয়োজন কৰে। ইয়াৰ পিছত মেগা এণ্টাৰটেইনমেণ্টৰ দলে ৩ জুনত কোকৰাঝাৰৰ গৌৰাং ভেলী হোটেলত অডিচন অনুষ্ঠিত কৰিব।
এই অডিচনৰ মাধ্যমেৰে সৌন্দৰ্য প্ৰতিযোগিতাৰ আয়োজকসকলে উত্তৰ পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰপৰা ৫০গৰাকী মহিলা আৰু ৫০গৰাকী পুৰুষ নিৰ্বাচন কৰিব, যিসকলে ছানছিল্ক মেগা মিছ নৰ্থ ইষ্ট ২০১৮ আৰু গাৰ্নিয়াৰ মেন মেগা মিষ্টাৰ নৰ্থ ইষ্ট ২০১৮ৰ খিতাপ লাভৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব।
দুয়োটা সৌন্দৰ্য প্ৰতিযোগিতা ফেশ্বন উদ্যোগী অভিজিত সিনহাৰ মানসপুত্ৰ আৰু ইয়াৰ প্ৰযোজনা কৰিছে মেগা এণ্টাৰটেইনমেণ্টে। এই শ্ব’ৰ আকৰ্ষণ হ’ব উত্তৰ পূবৰ আঠখন ৰাজ্যৰ আটাইতকৈ ধুনীয়া মহিলাসকল আৰু আটাইতকৈ আকাংক্ষিত পুৰুষসকল, যিসকলে ২৯ আৰু ৩০ জুনত অনুষ্ঠিত হ'বলগীয়া গ্ৰেণ্ড ফিনালেৰ বাবে গুৱাহাটীলৈ আহিব।
এই বছৰ মেগা এণ্টাৰটেইনমেণ্টে সমাজৰ প্ৰতি এক দায়বদ্ধ সংস্থা হিচাপে বায়’ডাইভাৰ্ছিটী, ফৰ পোষ্টাৰিটী এণ্ড প্ৰছপাৰিটী শীৰ্ষক মুখ্য বিষয়েৰে উল্লেখনীয় জৈৱ বৈচিত্ৰ্য সম্পৰ্কে সামাজিক সজাগতা সৃষ্টি কৰিবলৈ আছাম ষ্টেট বায়’ডাইভাৰ্ছিটী ব’ৰ্ড, চমুকৈ এএছবিবিৰ সৈতে সংযুক্ত হৈছে। এই উদ্যোগৰ অংশ হিচাপে সংস্থাটোৱে জৈৱ বৈচিত্ৰ্যপূৰ্ণ স্থানত সজাগতা অভিযান আয়োজিত কৰিব আৰু কিয় এইবোৰ সংৰক্ষণ কৰিব লাগে সেই সম্পৰ্কে সাধাৰণ জনতাক শিক্ষা প্ৰদান কৰা হ’ব।
মেগা এণ্টাৰটেইনমেণ্টৰৰ প্ৰতিষ্ঠাপক অভিজিত সিনহাই কয়, “বিগত ১৫ বছৰে মেগা মিছ নৰ্থ ইষ্টে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এক শক্তিশালী স্থিতি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে, আৰু আজি ই হৈছে অঞ্চলটোৰ আটাইতকৈ আকাংক্ষিত সৌন্দৰ্য প্ৰতিযোগিতা। সেইবাবেই আমি অডিচনবোৰত দেখিবলৈ পাইছোঁ প্ৰতিভাৰ চকুত পৰা পৰিৱৰ্তন। পূৰ্বৰ বছৰসমূহৰ তুলনাত যুৱতীসকল বহুত বেছি আত্মবিশ্বাসী আৰু প্ৰস্তুত। তেওঁলোকে ছাল, চুলিৰ লগতে সামগ্ৰিকভাৱে নিজকে সঠিক ৰাখিবলৈ অধিক যত্নপৰ হোৱাৰ দেখা গৈছে।”
“একেদৰে, মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ প্ৰতিযোগীসকলেও এই সৌন্দৰ্য প্ৰতিযোগিতাৰ বাবে কেইবামাহো আগৰপৰা ফিটনেছ ট্ৰেইনিং আৰম্ভ কৰে, তেওঁলোকে নিজক লৈ যথেষ্ট পৰিমাণে আত্মবিশ্বাসী। এতিয়া আমি এই সৌন্দৰ্য প্ৰতিযোগিতাৰ এটা দশক সম্পূৰ্ণ কৰিবলৈ আগবঢ়াৰ লগে লগে এই প্ৰতিযোগিতাত দেখা গৈছে অধিক ছাৰপ্ৰাইজ, উন্নত সুবিধা আৰু ফেশ্বন আৰু গ্লেমাৰ উদ্যোগৰ বহুতো ডাঙৰ ডাঙৰ নাম সংযুক্ত হৈ আহিছে। মই অত্যন্ত আশাবাদী যে, এই বছৰৰ অডিচনে সমগ্ৰ অঞ্চলটোৰ পৰা লৈ আহিব প্ৰতিভাশাৰী আৰু আত্মবিশ্বাসী প্ৰতিযোগীৰ এটা গোট”, সিনহাৰ সংযোজন।
মেগা মিছ নৰ্থ ইষ্টৰ টাইটেল স্পনছ’ৰ হিচাপে ভাৰতৰ প্ৰিমিয়াৰ হেয়াৰ কেয়াৰ ব্ৰেণ্ড ছানচিল্কে উদযাপন কৰিছে মুক্ত-মনৰ, আনন্দময় আৰু আত্মবিশ্বাসী যুৱতীসকলৰ সৈতে। যি উৎসাহ ছানছিল্ক গাৰ্লে প্ৰদান কৰে, সেয়া মেগা মিছ নৰ্থ ইষ্টৰ সৈতে সংযুক্ত হোৱাৰা বাহিৰে আন একো হ’ব নোৱাৰে, য’ত বিভিন্ন স্থানৰ পৰা অহা যুৱতীসকলে লিখে তেওঁলোকৰ নিজৰেই কাহিনী, তেওঁলোকৰ ঘন আৰু দীঘল চুলিত বিভিন্ন হেয়াৰ ষ্টাইলেৰে। গতিকে এই বছৰৰ সৌন্দৰ্য প্ৰতিযোগিতাৰ মূল বিষয়বস্তু হৈছে, “When Your Hair Is Thick, Take Your Own Style Pick”।
ভাৰতৰ আগশাৰীৰ পুৰুষৰ ফেচ ৱাশ্ব গাৰ্নিয়াৰ মেনে মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ সৈতে সংযুক্ত হৈছে এই ছিজনৰ টাইটেল স্পনছ’ৰ হিচাপে। এই সৌন্দৰ্য প্ৰতিযোগীতাত বিজয়ীজনে গাৰ্নিয়াৰ মেনৰপৰা লাভ কৰিব গোটেই বছৰটোৰ বাবে গ্ৰুমিং প্ৰডাক্ট, যিয়ে সকলোবোৰ প্ৰত্যাহ্বানৰ মুখামুখি হ’ব পৰাকৈ তেওঁক শক্তিশালী আৰু সতেজ কৰি ৰাখিব। পুৰুষ প্ৰতিযোগীসকলে এক্স ছিগনেছাৰ ৱাইল্ড কাৰ্ড কণ্টেষ্টৰ মাধ্যমেৰে পোনপটীয়াকৈ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ সুবিধা লাভ কৰিব। সকলো প্ৰতিযোগীয়ে কৰিবলগীয়া কামটো হৈছে, তেওঁলোকে এক্স ছিগনেছাৰৰ আগত প্ৰকাশ কৰিব লাগিব তেওঁলোকে নিজৰ নিয়ম কেনেকৈ প্ৰস্তুত কৰে, যিয়ে তেওঁলোকক অদ্বিতীয় কৰি ৰাখে। সৰ্বোত্তম উত্তৰ দিয়া প্ৰতিযোগীগৰাকীয়ে পোনপটীয়াকৈ ছেমি ফাইনেলত প্ৰৱেশ কৰিব।
ছানছিল্ক মেগা মিছ নৰ্থ ইষ্ট ২০১৮ৰ বিজয়ী প্ৰতিযোগীগৰাকীয়ে লাভ কৰিব প্ৰায় ৭ লাখ টকাৰ প্ৰাইজ পেকেজ, য’ত থাকিব বিজয়ীৰ মুকুট আৰু ছানছিল্ক মেগা মিছ নৰ্থ ইষ্ট ২০১৮ৰ ছেছ, ১ লাখ টকাৰ নগদ পুৰস্কাৰ, ছানছিল্কৰ প্ৰিণ্ট আৰু আউটড’ৰ কেম্পেইনৰ মুখ হোৱাৰ সুযোগ।
গাৰ্নিয়াৰ মেন মেগা মিষ্টাৰ নৰ্থ ইষ্ট ২০১৮ৰ বিজয়ী প্ৰতিযোগীজনে লাভ কৰিব প্ৰায় ৫,০০,০০০ টকাৰ প্ৰাইজ পেকেজ। য’ত থাকিব অনুষ্ঠানটোৰ ছেছ আৰু গাৰ্নিয়াৰ মেন মেগা মিষ্টাৰ নৰ্থ ইষ্ট ২০১৮ৰ ট্ৰফী আৰু ১ লাখ টকাৰ নগদ পুৰস্কাৰ।
দুয়োটা সৌন্দৰ্য প্ৰতিযোগিতাৰ ক্ষেত্ৰত প্ৰাইজ পেকেজৰ সৈতে থাকিব চ্চিজেল দীঘলীপুখুৰীত এবছৰৰ বাবে ফিটনেছ কাউন্সেলিং আৰু সদস্যপদ, ৰং দে বসন্তী আৰবান ধাবাৰ পৰা গিফট্ হেম্পাৰ, আগশাৰীৰ ফেশ্বন ফটেগ্ৰাফাৰ ৰাহুল বিশ্বাসৰ দ্বাৰা প’ৰ্টফলিঅ’ শ্বুট, বিজয়ী বছৰটোৰ বাবে লাইফছ পাৰ্পলৰপৰা পাবলিক ৰিলেচন আৰু ৰেপুটেশ্যন মেনেজমেণ্ট আৰু ৱান এণ্ড জিৰ- এ মাৰ্কেট ট্ৰেণ্ডৰপৰা ডিজিটেল চেলিব্ৰেটী মেনেজমেণ্ট।
পঞ্জীয়ন প্ৰ-পত্ৰ আৰু সবিশেষ উপলব্ধ। অথবা মেগা মিছ নৰ্থ ইষ্টৰ বাবে +91 84040 93936ত আৰু মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ বাবে +91 84040 93938ত কল কৰক।
No comments:
Post a Comment