তামাৰহাট : অসম বঙ্গ সীমান্ত তথা ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত হাতীধূৰাত দীৰ্ঘদিনীয়া জৰাজীৰ্ন কাঠৰ দলং এখন অৱশেষত স্বজল ফাউণ্ডেশ্বন নামৰ ব্যক্তিগত সংস্থাই মেৰামতি কৰি যাতায়তৰ সুবিধা কৰিলে। যিটো সময়ত চৰকাৰে পৰিবৰ্তন আৰু উন্নয়নৰ নামত ঢাক ঢোল বজাই আছে তেনে সময়তে চৰকাৰৰ কাম ব্যক্তিগত অনুষ্ঠানে কৰাটো সচাকৈয়ে দুৰ্ভাগ্যজনক। জানিব পৰা মতে হাতীধূৰা উন্নয়ন খণ্ড কাৰ্যলয়ৰ সন্মুখেদি যোৱা হাতীধূৰা আৰু তালোৱা ,শগুন চৰা সংযোগী পথটোৰ তামানদীৰ ওপৰত থকা কাঠৰ দলংখন দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ আছিল। হাতীধুৰা উন্নয়ন খণ্ডৰ এশ মিটাৰ দূৰত আৰু তামাৰহাট গাওঁ পঞ্চায়তৰ পৰা দুশ মিটাৰ দূৰত থকা এই দলংখনৰ প্ৰতি উন্নয়নখণ্ড কৰ্তৃপক্ষ বা পঞ্চায়ত প্ৰতিনিধিয়ে কোনোদিনে গুৰুত্ব দিয়া নাই । ফলত উপায়হীন জনসাধাৰণে জৰাজীৰ্ণ দলঙেৰে যাতায়ত কৰি স্কুল, হাট বজাৰ , চৰকাৰী কাৰ্যালয় আদি বিভিন্ন ঠাইত যাব লগা হৈছিল । এই দলঙেৰে কেতিয়াও কোনো এম্বুলেন্স পাৰ হ’ব নোৱাৰাত অঞ্চলটোৰ ৰাইজৰ কোনো বেমাৰ আজাৰ হলে মহা বিপদত পৰিব লগা হৈছিল। মুঠৰ ওপৰত যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভূগিব লগা হৈছিল অঞ্চলটোৰ ৰাইজে। এই দলঙৰ পৰা পৰি প্ৰায়ে দুৰ্ঘটনা হোৱাটো এটা সাধাৰণ ঘটনা হৈ পৰিছিল , তথাপি নীৰৱ ভূমিকাত আছিল চৰকাৰ প্ৰতিনিধি । ৰাইজৰ দূৰ্গতি দেখি সজল ফাউণ্ডেশ্বনৰ মুখ্য পৰিচালন সঞ্চালক সজল সিংহই ব্যক্তিগত ভাৱে দুই লাখ টকা দি দলঙখন মেৰামতি কৰিলে । দলঙখন মেৰামতি কৰি ৰাইজৰ যাতায়তৰ সুব্যৱস্থা কৰি দিয়াত এই অঞ্চলৰ ৰাইজে সন্তোষ লাভ কৰিছে।
উল্লেখ্য যে পূৰ্বতেও এই দলংখন চৰকাৰে মেৰামতি নকৰাত সজল সিঙে দুবাৰ মেৰামতি কৰিছিল। ব্যক্তিগত অনুষ্ঠান টোৰ এনে সামাজিক কাম দেখি ৰাইজে সজল সিঙক ভূয়সী প্ৰশংসা কৰিছে ।
No comments:
Post a Comment