লামডিঙৰ পৰা স্বপন দাসৰ সংবাদ :
কৰ্তব্যৰ সময়ত সুৰক্ষিত নহয় ৰেল কৰ্মচাৰীসকল৷ কৰ্মৰত অৱস্থাতে দুজন কৰ্মচাৰীক দুৰ্বৃত্তই কৰা প্ৰহাৰক লৈ শংকিত হৈ পৰিছে ৰেলৱে কৰ্মচাৰীসকল৷ শুকুৰবাৰে নিশা লামডিং মণ্ডলৰ অন্তৰ্গত কৰ্মৰত দুজন ৰেলৱে ট্ৰেকমেন শ্ৰমিক মহম্মদ আজিজুৰ আৰু মহম্মদ ইকতাবুৰ ডিফু আৰু ডিমাপুৰৰ মাজৰ ৰেলৱে ট্ৰেকসমুহ নিৰিক্ষন কৰাৰ দায়িত্বত আছিল আৰু সেই নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই তেওঁলোকক কৰ্মৰত অৱস্থাতে বেয়াকৈ প্ৰহাৰ কৰে আৰু ট্ৰেকৰ কাষতে পেলাই থৈ যায়৷
পুৱা সতীৰ্থই কৰ্মীয়ে দেখা পায় দুয়োকে লামডিঙলৈ লৈ আনি লামডিং ৰেলৱে চিকিৱসালয়ত ভৰ্তি কৰোৱাই যদিও এজনৰ অৱস্থা সংকটজনক৷ এইখিনিতে প্ৰশ্ন হয় যে ৰাতি চাকৰিৰ সময়ত ট্ৰেকমেনৰ সৈতে আৰ পি এফৰ জোৱান মোতায়ন কৰা হয়, কিন্ত কালি কি দৰে এনে ঘটনা সংঘটিত হ'ল সেয়া ৰহস্যৰ আবৰ্তত৷ আনফালে ৰেল আৰক্ষীয়ে তথা প্রশাসনে সুৰক্ষা দিব নোৱাৰিলে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে এমপ্লইজ ইউনিয়নে৷
No comments:
Post a Comment