এমাহেও চিনাক্ত নহ’ল নাৰায়ন বৰালৰ হত্যাকাৰী : তদন্তত গাফিলতিৰ অভিযোগ, কোকৰাঝাৰত প্ৰতিবাদ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, June 02, 2018

এমাহেও চিনাক্ত নহ’ল নাৰায়ন বৰালৰ হত্যাকাৰী : তদন্তত গাফিলতিৰ অভিযোগ, কোকৰাঝাৰত প্ৰতিবাদ

কোকৰাঝাৰ : কোকৰাঝাৰৰ আৱকাৰী উপ পৰিদৰ্শক নাৰায়ন বৰালক যোৱা ২ মেৰ দিনাখন উল্টাপানী বনাঞ্চলত অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে হত্যা কৰা ঘটনাই আজি এমাহ অতিক্ৰম কৰাৰ পিছতো হত্যাকাৰীক আৰক্ষীয়ে কৰায়ত্ব কৰিব নোৱাৰা ব্যৰ্থতাৰ প্ৰতিবাদত শনিবাৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু অসম গোৰ্খা সন্মিলনীয়ে যৌথভাৱে কোকৰাঝাৰত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।
কোকৰাঝাৰ জিলা সদৌ অসম গোৰ্খা ছাত্র সন্থা আৰু অসম গোৰ্খা সন্মিলনৰ যৌথ উদ্যোগত কোকৰাঝাৰ জিলা উপাযুক্তৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা তিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীত দুয়োটা সংগঠনৰ শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে বেনাৰ, ফেষ্টুন, প্লেকাৰ্ড লৈ চৰকাৰ আৰু প্ৰশাসনবিৰোধী শ্লোগান দিয়াৰ লগতে বিচমুৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাষ্কৰ জ্যোতি নাথ মুৰ্দাবাদ ধ্বনিৰে সদৰ চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে।
নাৰায়ণ বৰালৰ হত্যাকাণ্ডত কোকৰাঝাৰ জিলাৰ বিচমুৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাষ্কৰ জ্যোতি নাথৰ ভূমিকা অতি ৰহস্যজনক বুলি সংগঠনদ্বয়ৰ নেৰ্তৃবৰ্গই অভিযোগ উত্থাপন কৰি ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক তদন্তৰ আওঁতালৈ অনা, অতি শীঘ্ৰে মুল হত্যাকাৰীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰা, নাৰায়ণ বৰালৰ পৰিয়ালক ক্ষতিপূৰণ দিয়া আদি দাবীৰে জিলা উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাললৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনদ্বয়ৰ নেতৃবৰ্গই।
উল্লেখ্য যে এনআৰচিৰ কৰ্তব্য সামৰি ভাৰত ভূটান সীমান্তবৰ্তী সৰলপাৰাৰ নিজ ঘৰলৈ উভতাৰ পথত যোৱা ২ মে’ত উল্টাপানী বনাঞ্চলত ঘাতকৰ হাতত প্ৰাণ হেৰুওৱা নাৰায়ন বৰালৰ হত্যাকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান নকৰিলে গণতান্ত্ৰিকভাৱে জংগী আন্দোলনৰ ভাবুকিও প্ৰদান কৰিছে দুই সংগঠনৰ নেতৃবৰ্গই।

No comments:

Post a Comment

SPONSORED