গুৱাহাটীৰ হোটেল মেনেজমেণ্ট প্রতিষ্ঠানত চাকৰি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 31, 2020

গুৱাহাটীৰ হোটেল মেনেজমেণ্ট প্রতিষ্ঠানত চাকৰি

গুৱাহাটীৰ হোটেল মেনেজমেণ্ট প্রতিষ্ঠানত খালী হৈছে প্রবক্তা, সহকাৰী প্রবক্তা আৰু টিচিং এছ’চিয়েটৰ একোটাকৈ পদ৷ এই বিষয়ে প্রতিষ্ঠানটোৰ অধ্যক্ষ/সচিবে ইতিমধ্যে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ 


প্রবক্তা পদৰ দৰমহাৰ নিৰিখ মাহে ৪৪,৯০০–১,৪২,৪০০ টকা, সহকাৰী প্রবক্তা পদৰ দৰমহা মাহে ৩৫,৪০০–১,১২,৪০০ টকা আৰু টিচিং এছ’চিয়েটৰ দৰমহা মাহে ২৫,০০০ টকা৷ আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদন’Principal, Institute of Hotel Management Catering Technology and Applied Nutrition Guwahati, VIP Road, Upper Hengrabari, Barbari, Guwahati-36′ ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১৫ ফেব্রুৱাৰী, ২০২০৷ নিযুক্তি সম্পর্কীয় বিতং তথ্যৰ লগতে শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স, মাচুল পৰিশোধকে ধৰি আবেদন দাখিল প্রক্রিয়াৰ বাবে ৱেবছাইট https://www.ihmctanghy.org ভিজিট কৰিব পাৰে৷

No comments:

Post a Comment

SPONSORED