ৱেলিংটনত আজি চতুৰ্থ টি-২০ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 31, 2020

ৱেলিংটনত আজি চতুৰ্থ টি-২০

ৱেলিংটন : তৃতীয় টি–২০ত শ্বাসৰুদ্ধকৰ ছুপাৰ অভাৰত চমকপ্রদ জয়েৰে শৃংখলা জয়ৰ পিছত টীম ইণ্ডিয়াই আজি নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ চতুর্থখন মেচ খেলিব৷ ৱেলিংটনত অনুষ্ঠিত হ’বলগীয়া মেচখনত আত্মবিশ্বাসী ভাৰতে নৱাগত খেলুৱৈসকলক সুযোগ দিয়াৰ লক্ষ্য লৈছে৷ 


নিউজিলেণ্ডৰ মাটিত প্রথমবাৰৰ বাবে টি–২০ শৃংখলা দখলৰ পিছত অধিনায়ক বিৰাট কোহলিয়ে এই ইংগিত দিছিল৷ তেওঁ কয় যে টীম ইণ্ডিয়াৰ লক্ষ্য এতিয়া ৫–০ৰ ব্যৱধানত শৃংখলা দখল কৰা৷ ইয়াৰ সমান্তৰালকৈ দলে ৱাশ্বিংটন সুন্দৰ, নৱদীপ ছাইনীৰ দৰে উদীয়মান খেলুৱৈসকলক সুযোগ দিব বিচাৰে৷ উল্লেখ্য যে কাইলৈৰ মেচখনত ছাইনীয়ে ছার্দুল ঠাকুৰ আৰু ৱাশ্বিংটনে য়ুজবেন্দ্র ছাহালৰ স্থানত মূল একাদশত অন্তর্ভুক্ত হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ ইফালে, দুই উদীয়মান তাৰকা ঋষভ পণ্ট আৰু সঞ্জু ছেমছন সুযোগৰ বাবে অপেক্ষা কৰি আছে৷ অ’পেনাৰ লোকেশ ৰাহুল অথবা মনীষ পাণ্ডেক বিশ্রাম দি পণ্ট অথবা ছেমছনক খেলাৰ সুযোগ দিয়াৰ সম্ভাৱনা আছে৷ ইফালে, কেন উইলিয়ামছনৰ বিস্ফোৰক বেটিং সত্ত্বেও কালি পৰাস্ত হোৱা ঘৰুৱা দলটোৱে প্রত্যাৱর্তনৰ লক্ষ্য লৈছে৷

খেলৰ সময়ঃ দুপৰীয়া ১২.৩০ বজা৷

No comments:

Post a Comment

SPONSORED