বড়ো চুক্তিয়ে অসমৰ সকলো জনগোষ্ঠীৰ স্বার্থ সুৰক্ষিত কৰিব: নৰেন্দ্র মোদী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 31, 2020

বড়ো চুক্তিয়ে অসমৰ সকলো জনগোষ্ঠীৰ স্বার্থ সুৰক্ষিত কৰিব: নৰেন্দ্র মোদী


নতুন দিললী : বড়ো চুক্তিক অসমৰ শান্তি আৰু উন্নয়নৰ ক্ষেত্রত ঐতিহাসিক অধ্যায় বুলি মন্তব্য কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ বড়ো চুক্তিক প্রশংসা কৰি প্রধানমন্ত্রীয়ে কয় যে ‘সবকা সাথ, সবকা বিকাশ আৰু বিশ্বাস’ৰ মূলমন্ত্র তথা ‘এক ভাৰত শ্রেষ্ঠ ভাৰত’ৰ অনুপ্রেৰণাত এই চুক্তি স্বাক্ষৰ হৈছে৷ টুইটাৰযোগে প্রধানমন্ত্রী মোদীয়ে আৰু কয় যে পূজ্য বাপুৰ পুণ্য তিথিত অসম শান্তি আৰু উন্নয়নৰ ঐতিহাসিক অধ্যায়ৰ সাক্ষী হ’ল৷ বড়ো ভাইসকলৰ সৈতে চুক্তিয়ে অসমৰ ঐক্য, উন্নয়ন আৰু উজ্জ্বল ভৱিষ্যতৰ বাট মুকলি কৰিলে৷ চৰকাৰী আঁচনিৰ পৰা বড়োসকল যাতে সম্পূর্ণৰূপে উপকৃত হয় তাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হ’ব৷ বড়ো চুক্তিয়ে অসমৰ সকলো জনগোষ্ঠীৰ স্বার্থ সুৰক্ষিত কৰিব বুলিও টুইটাৰত উল্লেখ কৰে প্রধানমন্ত্রীয়ে৷ ‘এয়া সকলোৰে বিজয়, বিজয় মানৱতাৰ৷’ এইদৰেও উল্লেখ কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷

No comments:

Post a Comment

SPONSORED