তিনিচুকীয়াত ৰামেশ্বৰ তেলীক আছুৰ ক’লা পতাকা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 31, 2020

তিনিচুকীয়াত ৰামেশ্বৰ তেলীক আছুৰ ক’লা পতাকা

তিনিচুকীয়া : ৰাজ্যত ‘কা’-বিৰোধী আন্দোলন এতিয়া মন্ত্রীকেন্দ্রিক বা নেতাকেন্দ্রিক হৈ পৰিছে৷ মন্ত্রী-বিধায়কসকল য’লৈকে গৈছে তাতেই হৈছে প্রতিবাদ, তাতেই উৰিছে ক’লা পতাকা৷ বিজেপি আৰু অগপৰ নেতা-মন্ত্রীসকলৰ আগমনৰ খবৰ লাভৰ লগে লগেই যেন আগমন ঘটে প্রতিবাদকাৰী, ক’লা পতাকাৰ৷ ক’ৰ পৰা আহে বা ক’ৰ পৰা আহিব তাৰ কোনো উৱাদিহ নাথাকে৷ আনকি নিৰাপত্তাৰক্ষীয়েও কোনো ভু উলিয়াব নোৱাৰে৷ ঠিক সেইদৰে আজি তিনিচুকীয়াৰ বৰগুৰিস্থিত ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠানৰ খেলপথাৰত (আই টি আই ফিল্ড) ভূমিহীন লোকক মাটিৰ পট্টা আৰু আবণ্টন-পত্র প্রদান কার্যসূচীলৈ অহা কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী সন্মুখীন হয় কা-বিৰোধী প্রতিবাদকাৰীৰ৷


মন্ত্রীৰ কনভয় পথেদি আহি থকাৰ সময়তেই ক’লা পতাকাৰে আদৰণি জনায় সদৌ তিনিচুকীয়া জিলা ছাত্র সন্থাৰ সদস্যসকলে৷ নিৰাপত্তা বেষ্টনী ভেদি আছুৰ সদস্যসকলে ক’লা পতাকা প্রদর্শন কৰাৰ লগতে বিজেপি গ’ বেক, কা বাতিল কৰক, ৰামেশ্বৰ তেলী মুর্বাদ, বিজেপি লেই লেই ছেই ছেই আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে৷ সদৌ অসম ছাত্র সন্থাৰ সদস্য বিনয় ডুবে আৰু সদৌ তিনিচুকীয়া জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোহাঁয়ে ‘কা’-বিৰোধী আন্দোলন অব্যাহত থাকিব বুলি সদৰী কৰে৷ উল্লেখযোগ্য যে আছুৱে ক’লা পতাকা প্রদর্শন কৰি প্রতিবাদ সাব্যস্ত কৰাৰ সময়ত ৰাজ্য চৰকাৰৰ কেবিনেটত নতুনকৈ শ্রম মন্ত্রীৰ দায়িত্ব লাভ কৰা মন্ত্রী সঞ্জয় কিষাণসহ আন কেইবাগৰাকীও বিধায়ক উপস্থিত আছিল৷

No comments:

Post a Comment

SPONSORED