মৃত্কৰ সংখ্যা ১৩০লৈ বৃদ্ধি : ক’ৰোনা ভাইৰাছক ‘চয়তান’ আখ্যা জিনপিঙৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 30, 2020

মৃত্কৰ সংখ্যা ১৩০লৈ বৃদ্ধি : ক’ৰোনা ভাইৰাছক ‘চয়তান’ আখ্যা জিনপিঙৰ


বেইজিঙ : চীনৰ পৰা বিশ্বজুৰি বিস্তাৰ ঘটা ক’ৰোনা ভাইৰাছত এতিয়ালৈকে ১৩০গৰাকীতকৈ অধিক লোকৰ মৃত্যু হৈছে৷ বেইজিঙত চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীৰ সৈতে হোৱা বৈঠকত উল্লেখ কৰিছে যে ভাইৰাছবিধক প্রতিৰোধ কৰাৰ বাবে যুদ্ধকালীন প্রক্রিয়া চলাই থকা হৈছে৷ লক্ষণীয়ভাৱে প্রায় ১৫খন দেশলৈ বিস্তাৰ ঘটিছে এই ভাইৰাছৰ৷ ঝি জিনপিঙে এই ভাইৰাছবিধক ‘চয়তান’ আখ্যা দি কৈছে যে ইয়াক যিকোনো প্রকাৰে প্রতিৰোধ কৰিবই লাগিব৷ 


উল্লেখনীয় যে, বিভিন্ন বিদেশী ৰাষ্ট্রই নিজৰ নাগৰিকক চীনৰ পৰা ওভতাই নিয়াৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ পাঁচ সহস্রাধিক লোক বর্তমান চিকিৎসাধীন হৈছে চীনকে ধৰি অন্যান্য দেশবোৰত৷ এই ভাইৰাছবিধৰ সংক্রমণে বিশ্বজুৰি আতংকৰ সৃষ্টি কৰাৰ সময়তে আমেৰিকাই চীনলৈ বিমানৰ উৰণ বন্ধ কৰিছে৷ ভাৰত, জাপান, জার্মানীকে ধৰি বিভিন্ন দেশে চীনৰ পৰা ওভতা যাত্রীসকলৰ ওপৰত চলাই আছে সূক্ষ্ম নিৰীক্ষণ ব্যৱস্থা৷ তন্ন তন্নকৈ এই যাত্রীসকলৰ ওপৰত চলোৱা হৈছে চিকিৎসা পৰীক্ষা৷ লক্ষণীয়ভাৱে বিশ্ব স্বাস্থ্য সংস্থাই চীনৰ এই ক’ৰোনা ভাইৰাছৰ মাৰাত্মক ৰূপৰ বিষয়টোক লৈ সঘনে অনুষ্ঠিত কৰিছে বৈঠক৷

No comments:

Post a Comment

SPONSORED