গুৱাহাটীত আজি ফুটবল খেলিব বাইচুং ভুটীয়াই - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 30, 2020

গুৱাহাটীত আজি ফুটবল খেলিব বাইচুং ভুটীয়াই

গুৱাহাটী : দীর্ঘদিনৰ মূৰত ফুটবল খেলাৰ উদ্দেশ্যে বুট পিন্ধিবলৈ সাজু হৈছে দেশৰ এসময়ৰ প্রসিদ্ধ খেলুৱৈ বাইচুং ভুটীয়া৷ভাৰতীয় ফুটবল দলৰ প্রাক্তন অধিনায়কজনে আজিৰে পৰা ইউনাইটেড ব্রাদার্ছ ক্লাবৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ইউ বি চি চেলেঞ্জ আন্তর্জাতিক প্রবীণ ফুটবলত অংশগ্রহণ কৰিব৷ 

নেপাল আৰু বাংলাদেশৰ লগতে ভাৰতৰ বিভিন্ন প্রান্তৰ মুঠ ১২ টা দলে অংশগ্রহণ কৰিবলগীয়া প্রতিযোগিতাখন কাইলৈ বিয়লি ৪ বজাত বাইচুং ভুটীয়াই উদ্বোধন কৰিব৷আজিৰ উদ্বোধনী মেচত আয়োজক দল ইউনাইটেড ব্রাদার্ছ ক্লাবৰ বিৰুদ্ধে অংশ ল’ব বাইচুং ভুটীয়া নেতৃত্বাধীন ইউনাইটেড ছিকিম ভেটার্ন দলে৷ প্রত্যেকটো দলৰ হৈ কেইবাগৰাকীকৈ প্রাক্তন আন্তর্জাতিক খেলুৱৈয়ে খিতাপ লাভৰ বাবে যুঁজিব৷ প্রতিযোগিতাৰ বিজয়ী দলে ৫০ হাজাৰ টকাৰ লগতে লাভ কৰিব কনক চন্দ্র বৰুৱা সোঁৱৰণী ট্রফী৷ ২ ফেব্রুৱাৰীত হ’বলগীয়া ফাইনেলৰ অন্তত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বিজয়ী দলক বঁটা প্রদান কৰিব৷

No comments:

Post a Comment

SPONSORED