বলিউডৰ মোহময়ী অভিনেত্ৰী কংগনা ৰানাৱটে পুনৰ এবাৰ ৰূপালী পৰ্দাত চমক দিবলৈ সাজু হৈছে। সোমবাৰে তেওঁৰ আহিবলগীয়া ছবি টেজাছ (Tejas)ৰ ফাৰ্ষ্ট ল’ক মুকলি হয়। ফাৰ্ষ্ট ল’কৰ মুকলিৰ পাছতেই তেওঁৰ অনুৰাগীসকলে প্ৰচাৰ কৰা আৰম্ভ কৰিছে।
ইপিনে ছবিখনৰ ফাৰ্ষ্ট ল’কৰ বিষয়ে উল্লেখ কৰিবলৈ গ’লে দেখা গৈছে যে অভিনেত্ৰী কংগনাক হাতত এটা হেলমেট লৈ আত্মবিশ্বাস আৰু উদ্যমেৰে সম্পূৰ্ণ বায়ুসেনাৰ পাইলটৰ পোছাকত দেখা গৈছে। লগতে তেওঁৰ পাছফালে এখন ফাইটাৰ জেট দেখিবলৈ পোৱা গৈছে ।উল্লেখ্য যে এই ছবিখনত অভিনেত্ৰী কংগনাক প্ৰথমবাৰৰ কাৰণে বায়ু সেনাৰ পাইলটৰ ভূমিকাত দেখিবলৈ পোৱা যাব । লগতে ছবিখন ৰানী স্ক্ৰুৱালাই প্ৰযোজনা কৰিছে।
No comments:
Post a Comment