দেশলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিলে শচীন তেণ্ডুলকাৰে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 18, 2020

দেশলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিলে শচীন তেণ্ডুলকাৰে

নতুন দিল্লী : ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে পুনৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে ২০০০-২০২০ বৰ্ষৰ লাৰেছ স্পৰ্টিং মুমেণ্ট এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে। বাৰ্লিনত অনুষ্ঠিত হোৱা লাৰেছ ৱৰ্ল্ড স্পৰ্টিং মুমেণ্ট এৱাৰ্ডৰ অনুষ্ঠানত শ্ৰেষ্ঠ স্পৰ্টিং মুমেণ্ট শাখাত খিতাপ জয় কৰিবলৈ সক্ষম হয় ক্ৰিকেটৰ ভগৱান খ্যাত তেণ্ডুলকাৰে। শচীনে ষ্টিভ ৱৰ পৰা এই খিতাপ গ্ৰহণ কৰে।


উল্লেখ্য যে শচীনে ২০১১ চনত ষষ্ঠ তথা নিজৰ অন্তিম খন বিশ্বকাপ খেলিছিল। টীম ইণ্ডিয়াৰ সেই সময়ত সপোন আছিল যে শচীনৰ বিশ্বকাপ জয়ৰ সপোন পূৰণ কৰে। শ্ৰীলংকাৰ বিৰোধে ৱাংখাৰে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেলত মহেন্দ্ৰ সিঙ ধোনীয়ে বৃহৎ ছয় কোবাই ভাৰতক বিশ্বকাপৰ সোৱাদ দিছিল। তাৰ পিছতেই ভাৰতীয় ক্ৰিকেট দলৰ সদস্য সকলে শচীনক কান্ধত উঠাই জয়ৰ আনন্দ উল্লাস কৰিছিল। এই ক্ষণটিয়ে স্পৰ্টিং মুমেণ্ট এৱাৰ্ডৰ বাবে সৰ্বাধিক ভোট লাভ কৰিছিল।

No comments:

Post a Comment

SPONSORED