পঞ্চম বৃহত্তম অৰ্থনীতিৰ দেশৰ মৰ্যাদা পালে ভাৰতে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 18, 2020

পঞ্চম বৃহত্তম অৰ্থনীতিৰ দেশৰ মৰ্যাদা পালে ভাৰতে

নতুন দিল্লী : দেশত আৰ্থিক মন্দাৱস্থা চলি থকাৰ মাজতে মোডী চৰকাৰৰ বাবে আহিছে এটা ভাল খবৰ। ফান্স আৰু ব্ৰিটেইনক চেৰ পেলাই পঞ্চম বৃহত্তম অৰ্থনীতিৰ দেশৰ মৰ্যাদা পালে ভাৰতে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংস্থা ৱৰ্ল্ড পপুলেশ্বন ৰিভিউৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে এই তথ্য। সংস্থাটোৱে জনোৱা অনুসৰি দ্ৰুত মুক্ত অৰ্থনীতিৰ দেশত পৰিণত হৈছে ভাৰতবৰ্ষ।


২০১৯ বৰ্ষত ব্ৰিটেইনক চেৰ পেলাই সেই স্থান দখল কৰিছে ভাৰতে। ব্ৰিটেইনৰ অৰ্থনীতিৰ পৰিমাণ হ’ল ২.৮৩ ট্ৰিলিয়ন ডলাৰ , ফান্সৰ অৰ্থনীতিৰ পৰিমাণ ২.৭১ ট্ৰিলিয়ন ডলাৰ আৰু ভাৰতৰ হৈছে ২.৯৪ ট্ৰিলিয়ন ডলাৰ। সংস্থাটোৰ ৰিপৰ্টত কোৱা হৈছে যে, ক্ৰয় ক্ষমতাৰ ক্ষেত্ৰত ভাৰতে চেৰ পেলাইছে জাপান আৰু জাৰ্মানীক। সেই বাবেই ভাৰতৰ জিডিপিৰ হাৰ অত্যন্ত বেয়া অৰ্থাৎ ৭.৫ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস হৈছে এই পৰিমাণ।

কেনেকৈ অৰ্থনীতিত ভাৰতে এনে এক ভাল ফল পাইছে সেই সম্বন্ধেও ক’লে মাৰ্কিন সংস্থাটোৱে। মাৰ্কিন সংস্থাৰ মতে ১৯৯০ চনৰ পৰা উদাৰ অৰ্থনীতিৰ মাজেৰে আগবাঢ়িছে ভাৰত। বিভিন্ন ক্ষেত্ৰত চৰকাৰী বিধি-নিষেধ বহুখিনি কমি যায় , বিদেশী পুঁজিৰ বাবে দুৱাৰ খোল খায়। সেই নীতিৰ ফলতেই আজি ভাৰতে এই স্থান পাইছে বুলি উল্লেখ কৰে ৱৰ্ল্ড পপুলেশ্বন ৰিভিউৱে।

No comments:

Post a Comment

SPONSORED