বিশিষ্ট প্ৰযোজক প্ৰাঞ্জল ভৰালীৰ দেহাৱসান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, February 18, 2020

বিশিষ্ট প্ৰযোজক প্ৰাঞ্জল ভৰালীৰ দেহাৱসান

গুৱাহাটী : গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট প্ৰযোজক প্ৰাঞ্জল ভৰালীয়ে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল বিশিষ্ট প্ৰযোজকগৰাকী। চুৰেণ চোৰৰ পুতেক , জোনদা ইমান গুণ্ডা, মা তুমি অন্যন্যা, অন্তহীন যাত্ৰা আদিৰ দৰে জনপ্ৰিয় ছবিৰ প্ৰযোজনা কৰিছিল প্ৰাঞ্জল ভৰালীয়ে।


বিশিষ্ট প্ৰযোজকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰাৰ পাচতেই এতিয়া শোকাকুল হৈ পৰিছে অসমৰ শিল্পী সমাজ। ৬০ বছৰ বয়সত মৃত্যুক আঁকোৱালি লোৱা প্ৰাঞ্জল ভৰালীয়ে পত্নী আৰু এগৰাকী কন্যা সন্তানক এৰি গৈছে। ইতিমধ্যে নেমকেয়াৰ হাস্পতালত প্ৰাঞ্জল ভৰালীক শেষ শ্ৰদ্ধা জনোৱাৰ পাচতেই নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব।

No comments:

Post a Comment

SPONSORED