সমগ্র বিশ্বত ৭১,০০০ লোক ক’ৰোনা ভাইৰাছত আক্রান্ত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 18, 2020

সমগ্র বিশ্বত ৭১,০০০ লোক ক’ৰোনা ভাইৰাছত আক্রান্ত

নতুন দিল্লী : ক’ৰোনা ভাইৰাছৰ সংক্রমণ চীনৰ পৰা বিশ্বৰ বিভিন্ন দেশলৈ সম্প্রসাৰিত হৈছে৷ শেহতীয়া তথ্য মতে চীনত এই ৰোগত সর্বাধিক লোকে প্রাণ হেৰুওৱাৰ বিপৰীতে হুবেই, হংকং, মাকাও, জাপান, ছিংগাপুৰ, থাইলেণ্ড, দক্ষিণ কোৰিয়া, মালয়েছিয়া, টাইৱান, ভিয়েটনাম, জার্মানী, আমেৰিকা আৰু বহু দেশত বহু লোকে প্রাণ হেৰুৱাইছে৷


বিশ্ব স্বাস্থ্য সংস্থাই চি অ’ ভি আই ডি–১৯ নাম দিয়া এই ৰোগত এতিয়ালৈকে চীনত ১৭৭০জনে প্রাণ হেৰুৱাইছে আৰু আক্রান্ত হৈছে ৭০,৫৪৮জন৷ ইয়াৰে সৰহসংখ্যক ঘটনা হুবেই প্রদেশত সংঘটিত হৈছে৷ চীনৰ উপৰি হংকং, জাপান, টাইৱান, আমেৰিকা, ফ্রান্স, ফিলিপাইনছত এজনকৈ লোকে প্রাণ হেৰুৱাইছে৷ সমগ্র বিশ্বৰ ২৮খন ৰাষ্ট্রত ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ বহু লোক চিকিৎসাধীন হৈ আছে৷

No comments:

Post a Comment

SPONSORED