২১ৰ নিৰ্বাচনৰ পূৰ্বে সম্ভৱ নহয় সমষ্টি পুনঃনিৰ্ধাৰণ! কিয় ক'লে হিমন্ত বিশ্ব শৰ্মাই? - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 10, 2020

২১ৰ নিৰ্বাচনৰ পূৰ্বে সম্ভৱ নহয় সমষ্টি পুনঃনিৰ্ধাৰণ! কিয় ক'লে হিমন্ত বিশ্ব শৰ্মাই?

 ২১ৰ নিৰ্বাচনৰ পূৰ্বে সম্ভৱ নহয় সমষ্টি পুনঃনিৰ্ধাৰণ! কিয় ক'লে হিমন্ত বিশ্ব শৰ্মাই?

মঙলবাৰে দেশৰ নিৰ্বাচন আয়ুক্তই ২০২১ৰ নিৰ্বাচনৰ পূৰ্বে অৰ্থাৎ ২০২১ৰ মাৰ্চৰ ভিতৰত সমষ্টি পুনঃনিৰ্ধাৰণ হোৱাৰ ইংগিত দিছিল ৷

মষ্টি পুনঃনিৰ্ধাৰণ কেতিয়া? ২০২১ৰ নিৰ্বাচনৰ পূৰ্বে হ'ব নেকি সমষ্টি পুনঃনিৰ্ধাৰণ? শেহতীয়াকৈ এই প্ৰশ্নই খুলি খুলি খাইছে গৰিষ্ঠসংখ্যক ৰাজনৈতিক নেতাক৷ এই প্ৰশ্নই টোপনি কাঢ়ি নিছে বহু ৰথী-মহাৰথীৰ৷

মঙলবাৰে দেশৰ নিৰ্বাচন আয়ুক্তই ২০২১ৰ নিৰ্বাচনৰ পূৰ্বে অৰ্থাৎ ২০২১ৰ মাৰ্চৰ ভিতৰত সমষ্টি পুনঃনিৰ্ধাৰণ হোৱাৰ ইংগিত দিছিল ৷ ইয়াৰ পিছতেই পুনৰ চৰ্চালৈ আহে বিষয়টো৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে মুখ খুলিলে ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷

 ড০ হিমন্ত বিশ্ব শৰ্মাই ক'লে- “২০২১ৰ নিৰ্বাচনৰ পূৰ্বে সম্ভৱ নহয় সমষ্টি পুনঃনিৰ্ধাৰণ৷ সমষ্টি পুনঃনিৰ্ধাৰণৰ বাবে প্ৰয়োজন আছে গাইড লাইনৰ সংশোধনৰ৷ সেয়া লোকসভাত সংশোধন হ'ব লাগিব৷”

এই কথা সদৰি কৰি ড০ শৰ্মাই পুনৰ ক'লে- “সমষ্টি পুনঃনিৰ্ধাৰণ ২০০১ৰ পৰিৱৰ্তে ২০১১ৰ লোকপিয়লৰ ভিত্তিত হ'ব৷ বৰ্তমান চলা প্ৰক্ৰিয়া কেৱল ছয় নং দফা কাৰ্যকৰীৰ অংশ৷”

উল্লেখযোগ্য যে সমষ্টি পুনঃনিৰ্ধাৰণ হ'লে বহু মন্ত্ৰী-বিধায়কে হেৰুৱাব নিজৰ সমষ্টি৷ যাক লৈ সন্দিহান গৰিষ্ঠসংখ্যক ৰাজনৈতিক নেতা৷


No comments:

Post a Comment

SPONSORED