‘অখিল গগৈৰ একো বেমাৰ নাই, ইচ্ছা কৰিহে এতিয়াও GMCHতে আছে’ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 10, 2020

‘অখিল গগৈৰ একো বেমাৰ নাই, ইচ্ছা কৰিহে এতিয়াও GMCHতে আছে’

 আঞ্চলিক:কাৰাবন্দী কৃষক নেতা কিছুদিন পূৰ্বে কোৰোণাত আক্ৰান্ত হৈ গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হৈছিল।


কাৰাবন্দী কৃষক নেতা কিছুদিন পূৰ্বে কোৰোণাত আক্ৰান্ত হৈ গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হৈছিল। বৰ্তমান কোৰোণাৰ পৰা অখিল গগৈ মুক্ত হ’ল যদিও স্বাস্থ্যজনীত কাৰণত বৰ্তমানো কৃষক নেতাজন চিকিত্‍সালৰ বিচনাতে আছে। কেইদিন মান পূৰ্বে বুকুৰ বিষত আক্ৰান্ত হৈ চিকিত্‍সকৰ কাষো চাপিছিল অখিল গগৈ।

এইবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিলে অখিল গগৈৰ স্বাস্থ্যৰ সন্দৰ্ভত। মন্ত্ৰাগৰাকীয়ে কয় যে, ‘চিকিত্‍সকৰ লগত কথা পাতি যিমান খিনি জানিব পাৰিছো, তেওঁৰ এতিয়া বেমাৰ বুলি একো নাই। যাব খোজা নাই বাবেহে বৰ্তমানো চিকিত্‍সালয়তে আছে কৃষক নেতাজন। আমিও জোৰ কৰা নাই, গতিকে থাকিব বিচাৰিছে, থাকক কেইদিনমান।’

উল্লেখযোগ্য যে, অখিল গগৈয়ে এতিয়া চিকিত্‍সালয়ৰ পৰাই আগন্তুক ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ আঞ্চলিক শক্তিক একত্ৰিত কৰাৰ কথা কৈছে। অখিল গগৈৰ মতে, এইবাৰ আঞ্চলিক শক্তি একত্ৰিত নহ’লে শেষ হৈ যাব অসমীয়া জাতি।


No comments:

Post a Comment

SPONSORED