দূৰ্নীতিত নিমজ্জিত হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগ : বদলিৰ পিছতো চকী এৰা নাই - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, September 10, 2020

দূৰ্নীতিত নিমজ্জিত হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগ : বদলিৰ পিছতো চকী এৰা নাই


ব্যুৰ’ ৰিপৰ্ট : দূৰ্নীতিত নিমজ্জিত থকা হাটশিঙিমাৰীস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তা হাৰুন আল ৰসিদ'ৰ বিৰুদ্ধে সংবাদ প্ৰহৰীয়ে প্ৰথমটো প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছতেই আমাৰ হাতলৈ আহি পৰিছে আন আহিছে এক ভয়ংকৰ তথ্য। কনিষ্ঠ অভিযন্তা হাৰুন আল ৰসিদ'ক বিভাগীয়ভাবে যোৱা ২২ জুলাইত বদলিকৰণ কৰা হয় উত্তৰ লক্ষিমপুৰত। বদলিকৰণ হোৱাৰ পিছতো চকী এৰা নাই এইগৰাকী ধুৰন্ধৰ অভিযন্তাই। এৰিবই বা কিয়? 

প্ৰথমে চাওক এই ঘৰনলৈ৷ এই ঘৰখনেই হৈছে কনিষ্ঠ অভিযন্তা হাৰুণ আলা ৰছিদৰ বাসগৃহ৷ উৰ্ধতন কৰ্তৃপক্ষক বৃহৎ অংকৰ বিনিময়ত মেনেজ কৰি বিগত ২৪ টা বছৰে নিজৰ শালপতিক লগত ৰাখি বিভাগটোক গো-গ্ৰাসে গিলি এনেদৰেই গঢ়িছে সম্পত্তিৰ পাহাৰ৷ 

ইপিনে জানিব পৰা মতে, বৰ্তমান হাটশিঙিমাৰীস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগটোতেই কনিষ্ঠ অভিযন্তাৰ পৰা ভাৰপ্ৰাপ্ত এছ ডি ও হোৱাৰ বাবে উঠিপৰি লাগিছে হাৰুন আল ৰসিদে। আৰু এই অভিসন্ধিৰ বহিঃপ্ৰকাশ ঘটালে দালালৰূপী ঠিকাদাৰসকলে উত্থাপন কৰা অভিযোগত। 

অন্যহাতে মহকুমা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এগৰাকী উপ সংমণ্ডল বিষয়াৰ বিৰুদ্ধে উঠিছে আন এক অভিযোগ। এছ ডি অ’অৰ্থাৎ উপ সংমণ্ডল বিষয়া ছফিয়ৰ ৰহমান মৌগলে একো একোটা শৌচালয়ৰ বিল আদায় দিয়াৰ নামত এহেজাৰকৈ টকা এনজিঅ’ৰ পৰা দাবী বুলি অভিযোগ উত্থাপন কৰিছে একাংশ ঠিকাৰৰূপী দালালে। 

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মহকুমা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত দীৰ্ঘদিনৰ পৰাই চলি আহিছে ব্যাপক দূৰ্নীতি৷ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ হিতাধিকাৰীৰ বাবে চৰকাৰে অনাময় আঁচনিৰ অধীনত একো একোটা শৌচালয় নিৰ্মান কৰি দিয়ে৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে কামৰ বাবে দায়িত্ব দিয়া হয় এনজিঅ’অৰ্থাৎ বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাক। কিন্তু একাংশ এনে সংস্থাই সঠিক ভাবে কাম নকৰি দৰিদ্ৰ লোকৰ প্ৰাপ্যখিনিও কাঢ়ি নি দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া। 

একাংশ পঞ্চায়তত আকৌ কাম নকৰাকৈয়ে শৌচালয়ৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে এনজিঅ’আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে। আৰু ইয়াৰ মাজতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এছ ডিঅ’ অৰ্থাৎ উপ সংমণ্ডল বিষয়া ছফিয়ৰ ৰহমান মৌগলে একো একোটা শৌচালয়ৰ বিল আদায় দিয়াৰ নামত এহাজাৰকৈ টকা এনজিঅ’ৰ পৰা দাবী কৰাত এইদৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়। এনজিঅৰ কৰ্মকর্তা সকলে বিষয়াজনক ঘেৰাও কৰি এইদৰে ধন লোৱাৰ অভিযোগ উত্থাপন কৰিছে। 

জিলাখনৰ বৰাইৰ আলগা গাঁও পঞ্চায়তত শ শ শৌচালয় নিৰ্মাণ কৰা হৈছে বুলি কাগজে-কলমে উল্লেখ আছে। কিন্তু বাস্তৱত পঞ্চায়তখনত দুই চাৰিটাৰ বাহিৰে নাই কোনো শৌচালয়। পঞ্চায়তখনত কিমান শৌচালয় নিৰ্মান কৰা হৈছে বুলি সোধা সাংবাদিকৰ প্ৰশ্নত থৰকাছুটি হেৰুৱালে বিষয়াজনে৷ প্ৰকৃততে জিলাখনত লাখ লাখ টকাৰে নিৰ্মান কৰা ৪০টা বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ এখন আচঁনিও বাস্তৱত চলি থকাৰ নজিৰ নাই। 

পিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া, এয়াই নেকি আপোনাৰ দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি৷

No comments:

Post a Comment

SPONSORED