মৃত্যু উপত্যকাত পৰিণত অসমৰ এটা জলপ্ৰপাত! কিহৰ বাবে প্ৰশাসনে বন্ধ কৰিলে জলপ্ৰপাতটো - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, September 10, 2020

মৃত্যু উপত্যকাত পৰিণত অসমৰ এটা জলপ্ৰপাত! কিহৰ বাবে প্ৰশাসনে বন্ধ কৰিলে জলপ্ৰপাতটো

 মৃত্যু উপত্যকাত পৰিণত অসমৰ এটা জলপ্ৰপাত! কিহৰ বাবে প্ৰশাসনে বন্ধ কৰিলে জলপ্ৰপাতটো

শেহতীয়াকৈ ৬জন যুৱকৰ অকাল মৃত্যু হৈছে মোহনীয় জলপ্ৰপাতৰ পানীত পৰি৷ যাৰ বাবে কাইফাৰলাংচু জলপ্ৰপাত অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিছে কাৰ্বি আংলং জিলা প্ৰশাসনে ৷

যেন মৃত্যুৱে হাত বাউলি মাতে কাৰ্বি আংলং জিলাৰ কাইফাৰলাংচু জলপ্ৰপাতলৈ৷ বোকাখাতৰ পৰা ৭ কিঃমিঃ দক্ষিণে সাগৰপৃষ্ঠৰ পৰা এক হাজাৰ ফুট উচ্চতাত নৈসৰ্গিক শোভাৰ মাজত থকা জলপ্ৰপাতটোৱে মন–প্ৰাণ হৰি নিয়ে পৰ্যটকৰ। কাজিৰঙালৈ অহা পৰ্যটকৰ বাবেও আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছিল জলপ্ৰপাতটো ৷

হঠাৎ কাৰ্বি পাহাৰ ধুৱাই অহা বৰষুণে আঁৰি দিয়া কুঁৱলীৰ আৱৰণে জলপ্ৰপাতটোলৈ মায়াময় কৰি তোলে। কাৰ্বি স্বায়ত্তশাসিত পৰিষদে জলপ্ৰপাতলৈ যোৱা পথৰ উন্নয়ন সাধন কৰাত অভাৱনীয়ভাৱে বৃদ্ধি হৈছিল পৰ্যটকৰ সংখ্যা৷

কিন্তু শেহতীয়াকৈ ৬জন যুৱকৰ অকাল মৃত্যু হৈছে মোহনীয় জলপ্ৰপাতৰ পানীত পৰি৷ যাৰ বাবে কাইফাৰলাংচু জলপ্ৰপাত অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিছে কাৰ্বি আংলং জিলা প্ৰশাসনে ৷ জলপ্ৰপাতত অস্বাভাৱিক মৃত্যুৰ হাৰ বাঢ়ি যোৱাত এই সিদ্ধান্ত প্ৰশাসনৰ৷

দুটা বছৰত ৩ জনকে ধৰি মুঠ ৬জন যুৱকৰ মৃত্যু হৈছে জলপ্ৰপাতটোত৷ ৩ বছৰ পূৰ্বে পৰ্যটকৰ বাবে মুকলি কৰা প্ৰকৃতিৰ নৈসৰ্গিক শোভাৰ মাজত থকা জলপ্ৰপাতটোলৈ প্ৰতি বছৰে দেশী- বিদেশী পৰ্যটকৰ আগমন হৈছিল ৷ শেহতীয়াভাৱে জলপ্ৰপাতটোত গোলাঘাটৰ দুজন যুৱকৰ অস্বাভাৱিক মৃত্যু হৈছিল৷

No comments:

Post a Comment

SPONSORED