পশ্চিম হাউলী গাঁও পঞ্চায়তত অনিয়ম : সভানেত্ৰী-সদস্যাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, September 10, 2020

পশ্চিম হাউলী গাঁও পঞ্চায়তত অনিয়ম : সভানেত্ৰী-সদস্যাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ

 
 
হাউলী : বৰপেটা জিলাৰ অন্তৰ্গত ৯৬ নং পশ্চিম হাউলী গাঁও পঞ্চায়তত বিভিন্ন উন্নয়নমূলক কাম-কাজত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ পঞ্চায়তটোৰ অন্তৰ্গত বৰবাৰীঝাৰ ৱাৰ্ডৰ সদস্য ফেদ্দুছ আলী আহমেদে হিতাধিকাৰীসকলৰ পৰা শৌচালয় নিৰ্মাণ আৰু জব কাৰ্ডৰ বাবে চাৰি-পাঁচশ টকাকৈ ধন সংগ্ৰহ কৰে৷ আনহাতে পঞ্চায়তটোত ইতিমধ্যে যিবোৰ শৌচালয় নিৰ্মাণ কৰা হৈছে সেয়াও অতি নিম্নমানৰ৷ ইপিনে পঞ্চায়তটোত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহতো ব্যাপক খেলিমেলি হোৱাৰো অভিযোগ আছে৷ একেগৰাকী ব্যক্তিৰ নামত দুটাকৈ গৃহ আৱণ্টন হোৱাৰ লগতে পঞ্চায়তটোৰ ভোটাৰ নোহোৱা লোককো উক্ত আঁচনিৰ অধীনত গৃহ আৱণ্টন কৰা হৈছে৷ ফলত সভানেত্ৰী ৰাশিদা খাতুন আৰু পঞ্চায়ত সদস্য ফেদ্দুছ আলী আহেমদৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে৷

No comments:

Post a Comment

SPONSORED