কেতিয়া মুক্ত আকাশৰ তললৈ আহিব অখিল গগৈ? - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 11, 2020

কেতিয়া মুক্ত আকাশৰ তললৈ আহিব অখিল গগৈ?

১৩ অক্টোবৰত হ’ব NIAৰ মূল গোচৰৰ শুনানি

গুৱাহাটী:নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ৰ বিৰুদ্ধে সবলভাৱে নেতৃত্ব দি গ্ৰেপ্তাৰ হৈছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ৷ যাৰ বাবে অখিল গগৈৰ বিৰুদ্ধে জাপি দিয়া হৈছিল ১৩টাকৈ গোচৰ৷ আৰু এই ১৩টাকৈ গোচৰৰ এই পৰ্যন্ত ১২টা জামিন লাভ কৰিছে অখিল গগৈ৷ কিন্তু চানমাৰি থানাত থকা অখিলৰ বিৰুদ্ধে যিটো মূল গোচৰ এই গোচৰত এতিয়ালৈ জামিন লাভ কৰিবলৈ সক্ষম হোৱা নাই৷

১৩ অক্টোবৰত হ’ব NIAৰ মূল গোচৰৰ শুনানি৷ সেয়ে কৃষক সংগঠনটোৰ নেতৃত্বই আশা প্ৰকাশ কৰিছে যে ১৩ অক্টোবৰত অখিলৰ সপক্ষে হ’ব ৰায়৷ একেটা গোচৰত সংগঠনটোৰ তিনি সদস্যই ইতিমধ্যে লাভ কৰিছে জামিন৷ কিন্তু অখিল গগৈয়ে জামিন লাভ কৰিবলৈ সক্ষম হোৱা নাই৷

ইপিনে অখিল গগৈ জে’লত থকা সময়তে কৃষক মুক্তি সংগ্ৰাম সমিতি তথা ৭০ সংগঠনৰ উদ্যোগত গঠন হৈছে নতুন আঞ্চলিকতাবাদী ৰাজনৈতিক দল ৰাইজৰ দল৷ সেয়ে অখিল গগৈ অবিহনে ৰাজনৈতিক দলটো আগুৱাই নিয়াত সংগঠনৰ স্বাভাৱিকতে দেখা দিছে কিছু প্ৰত্যাহ্বান৷ কিন্তু অখিলে জামিন লাভ কৰি ওলাই আহিলে নতুন ৰাজনৈতিক দলটোৱে ৰাইজৰ মাজলৈ যোৱাত সহায়ক হৈ পৰিব যে সেয়া নিশ্চিত৷


No comments:

Post a Comment

SPONSORED