বিটিচিত এদিনো বৃদ্ধি হ’ব নালাগে ৰাজ্যপালৰ শাসন, অন্যথা হ’ব ভয়ংকৰ পৰিস্থিতি:নৱ কুমাৰ শৰণীয়া - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 1, 2020

বিটিচিত এদিনো বৃদ্ধি হ’ব নালাগে ৰাজ্যপালৰ শাসন, অন্যথা হ’ব ভয়ংকৰ পৰিস্থিতি:নৱ কুমাৰ শৰণীয়া

গুৱাহাটী:বিটিএডিৰ নামকৰণ বিটিআৰ হোৱাৰ পিছত গাঁও কৰ্তন আৰু অন্তৰ্ভুক্তিৰ বাবে গঠিত আয়োগত বিভিন্ন জাতি–জনগোষ্ঠীৰ প্ৰতিনিধিক স্থান লাভ নকৰাত আক্ষেপ ব্যক্ত কৰে সাংসদ শৰণীয়াই ৷বিটিচিত ৰাজ্যপালৰ শাসনকাল বৃদ্ধি কৰিলে পৰিস্থিতি ভয়ংকৰ হ’ব৷ ইয়াৰ ফলত উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ বাবে গৃহ বিভাগ জগৰীয়া হ’ব৷ এই মন্তব্য কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ৷ অহা ২৭ অক্টোবৰত অন্ত পৰিবলগীয়া ৰাজ্যপালৰ শাসনৰ ম্যাদ কোনো কাৰণতে বৃদ্ধি নকৰি বিটিচি নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰাৰ দাবী জনায় সাংসদ শৰণীয়াই৷ 

আনহাতে, বিটিএডিৰ নামকৰণ বিটিআৰ হোৱাৰ পিছত গাঁও কৰ্তন আৰু অন্তৰ্ভুক্তিৰ বাবে গঠিত আয়োগত বিভিন্ন জাতি–জনগোষ্ঠীৰ প্ৰতিনিধিক স্থান লাভ নকৰাত আক্ষেপ ব্যক্ত কৰে সাংসদ শৰণীয়াই ৷ অবড়ো অধ্যুষিত গাঁওসমূহে দীৰ্ঘদিনে বিটিচিৰ পৰা কৰ্তন কৰাৰ দাবী জনাই অহাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা নোহোৱাৰ পিছত বিটিআৰতো ইয়াৰ বিষয়ে আশাপ্ৰদ একো নাই বুলি তেঁও জানিবলৈ দিয়ে৷

হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ বাবে এইবাৰ অস্তিত্বৰ সংকটৰ সন্মুখীন হৈ পাঁচ -ছয়খনতে সীমাবদ্ধ হৈ থাকিব বুলি তেওঁ জানিবলৈ দিয়ে ৷ আনহাতে, সাংসদ শৰণীয়াৰ নেতৃত্বত গণ সুৰক্ষা পাৰ্টীয়ে ৩০খন আসন নিশ্চিত বুলি দাবী কৰে৷ এই সন্দৰ্ভত উপানন্দ শৰ্মাৰ এক প্ৰতিবেদন চাওঁ আহক৷


No comments:

Post a Comment

SPONSORED