গুৱাহাটী : সকলোৰে জীৱনত কিছুমান আশাই দোলা দি থাকে৷ তাৰে কিছুমান ফলৱতী হবলৈ শুভাশীষ আৰু শুভ কামনাৰ প্ৰয়োজন৷ সেই আশাৰেই গ্ৰন্থপ্ৰেমী লোকৰ আশীৰ্বাদ বিচাৰি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ তথা কবি-সাহিত্যিক বিনয় কুমাৰ শৰ্মাৰ দুখনকৈ গ্ৰন্থ আজি উন্মোচন কৰা হয়৷ গুৱাহাটীৰ শংকৰ নগৰৰ মহীঅৰ্পণাত আয়োজন কৰা এক অনুষ্ঠানত কাব্য সংকলন ‘চিন্তাৰ হাহাঁকাৰ’ উ্নোচন কৰে বিশিষ্টা কবি আঞ্জুমআৰা বেগম আৰু প্ৰৱন্ধ সংকলন ‘খোজ- চিন্তাৰ পৰা প্ৰজ্ঞালৈ’ উন্মোচন কৰে কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ সীতানাথ লহকৰে৷ চাকৰি জীৱনৰ পৰা অৱসৰ লোৱাৰ পিছতেই বিনয় কুমাৰ শৰ্মাই পত্নী- বোৱাৰীৰ অনুপ্ৰেৰণাত লিখা মেলা জীৱনৰ পাতনি মেলে ৷ বাস্তৱ সমাজৰ ঘটনা পৰিঘটনাৰ সমল লৈ বিনয় কুমাৰ শৰ্মাই লিখি উলিয়াবলৈ সক্ষম হোৱা গ্ৰন্থ দুখনৰ উন্মোচনী অনুষ্ঠানত কবি, লেখক, সাহিত্যিককে ধৰি প্ৰায় শতাধিক সাহিত্যপ্ৰেমী লোক উপস্থিত থাকে ৷
Responsive Ads Here
December 6, 2020

বিনয় কুমাৰ শৰ্মাৰ দুখন গ্ৰন্থ উন্মোচন
Tags
# অন্যান্য
# অসম
# আঞ্চলিক
# গেলাৰী
# ভিডিঅ’ সংবাদ
# সাহিত্য
Share This

About Sangbad Prahari
সাহিত্য
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment