বিপিএফলৈ মুকলি সমৰ্থন সদৌ বিটিএডি নাথ যোগী যুৱ-ছাত্ৰ সন্মিলনীৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, December 07, 2020

বিপিএফলৈ মুকলি সমৰ্থন সদৌ বিটিএডি নাথ যোগী যুৱ-ছাত্ৰ সন্মিলনীৰ

চিৰাং: আজি সদৌ বিটিএডি নাথ যোগী যুৱ-ছাত্ৰ সন্মিলনীয়ে বিপিএফ দললৈ মুকলি সমৰ্থন আগবঢ়ায়। সংগঠনটোৰ কেন্দ্ৰীয় সমিতিয়ে মন্ত্ৰী চন্দন ব্ৰহ্মৰে আলোচনাত মিলিত হয় আৰু তেওঁলোকৰ দাবী মানি লোৱাত সংগঠনটোৰ সাধাৰণ সম্পাদক প্ৰমোদ চন্দ্ৰ নাথে বিপিএফ দলক মুকলিভাৱে সমৰ্থন আগবঢ়ায়।



সম্পাদকজনে আৰু কয় যে অল্ড ইছ গ’ল্ড। গতিকে বিপিএফ দলে বিটিচি গঠন হোৱাৰে পৰা অতিকে পিছপৰা বিটিচিৰ দ্ৰুত উন্নয়ন কৰিছে আৰু সকলো জাতী-জনগোষ্ঠীৰ লোকক লৈ এই উন্নয়ন কৰিছে। সেয়ে নাথ-যোগী সম্প্ৰদায়ৰ লগতে সকলো লোকক বিপিএফ দলক ভোটদানৰ বাবে আহ্বান জনায়।হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত পুনৰ বিপিএফ দলে পৰিষদ গঠন কৰি উন্নয়নৰ ধাৰা অটুট ৰখাৰ লগতে পূৰ্বতকৈ দিগুন উৎসাহেৰে আগবাঢ়িব বুলিও উল্লেখ কৰে।


No comments:

Post a Comment

SPONSORED