বিধায়ক কমল সিং নাৰ্জাৰীৰ বিৰুদ্ধে আইনী যুজঁত নামিব বিধায়িকা আঙুৰলতা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

December 7, 2020

বিধায়ক কমল সিং নাৰ্জাৰীৰ বিৰুদ্ধে আইনী যুজঁত নামিব বিধায়িকা আঙুৰলতা

 অশালীন শব্দ প্ৰয়োগ কৰা কমল সিং নাৰ্জাৰীৰ বিৰুদ্ধে আইনী যুজঁত নামিব বিধায়িকা আঙুৰলতা

বিজেপিৰ জনপ্ৰিয় বিধায়িকা আঙুৰলতা ডেকাৰ সন্দৰ্ভত অশালীন মন্তব্য কৰা বিপিএফৰ বিধায়ক কমল সিং নাৰ্জাৰীৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে বটদ্ৰৱা সমষ্টিৰ বিজেপিৰ নেতা-কৰ্মী। থানাই থানাই কমল সিং নাৰ্জাৰীৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ।

ইফালে বিধায়িকা আঙুৰলতা ডেকায়ো বিধায়কগৰাকীৰ এনে মন্তব্যৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছে। অশালীন মন্তব্য কৰা নাৰ্জাৰীক কোনো পধ্যেই ৰেহাই দিয়া নহ’ব বুলি হুংকাৰ দিছে বিধায়িকাগৰাকীয়ে।

উল্লেখযোগ্য যে,সোমবাৰে অসম দৰ্শন আঁচনিৰ অধীনত গৌৰীনাথ শিৱমন্দিৰ প্ৰাংগনত উন্নীতকৰণৰ কামৰ আধাৰশিলা আৰু গৌৰীনাথ শিৱমন্দিৰৰ সমূহীয়া ভৱনৰ শুভ ‌উদ্বোধন কৰি এইদৰে মন্তব্য আগবঢ়াই বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই।


No comments:

Post a Comment

SPONSORED