দাপোণ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 16, 2021

দাপোণ


  • অৰ্চনা গগৈ, গুৱাহাটী ।
দাপোণত জিলিকি ৰওঁ মই
এযুৰি বেদনাক্লিষ্ট সজল নয়নেৰে
মই হাঁহিলে হাঁহে
মই কান্দিলে কান্দে
বৰ আপোন দাপোণখন ।

কিন্তু নাজানে
মোৰ ভগ্ন হৃদয়ৰ মৰ্মবেদনা
সুখৰ পোছাকৰ তলত দুখৰ বোজা কিমান

খেপিয়াই ফুৰে ...
কজলা ডাৱৰৰ ওৰণিৰ তলত হুমুনিয়াহটোৱে
সকলো লুকুৱাই
তথাপি সম্বন্ধটো বৰ আপোন ।।

No comments:

Post a Comment

SPONSORED