গৌতম গগৈ, শিৱসাগৰ
শৰতৰ পূৰ্ণেন্দু ৰাতি শীতৰ নীহাৰিকা আঁকি,নভঃস্থিত অগণন তৰাফুলৰ মিচিকিয়া হাঁহি ।
জোন গলি গলি জোনাকো গাভৰু হ'ল আজি,
ধৰিত্ৰীত উদ্ভাসিত হৈ পৰে শুকুলা দলিচাখনি ।
অনাবিল জ্যোৎস্নাই সন্ধ্যাৰ মালিতা আঁকি,
শৰতৰ ঋতুৰাণীক ধৰালৈ আনিছে আদৰি ।
মুকুতা মণি জিলিকা শিশিৰ সনা দূবৰি গচকি,
ঋতু ৰাণীয়ে বুটলে তলসৰা শেৱালীৰ পাপৰি ।
প্ৰেমাস্পদ শৰচ্চন্দ্ৰ আহে শেৱালীৰ সুবাস বিচাৰি,
জোনাকীমেলাত জোনাকবোৰ লয় বুটলি বুটলি ।
ঋতুৰাণীৰ দেহৰ ভাঁজত জোনাকৰ আৱিৰ সানি,
স্নিগ্ধজোনাকত শুভ্ৰ কঁহুৱাই নাচিছে হালি-জালি ।
এচাতি মলয়াৰ অপেক্ষাত খুলিছে হিয়াৰ আৱেষ্টনী,
প্ৰেমাস্পদ শৰচ্চন্দ্ৰ ঋতুৰাণীৰ প্ৰেমত হয় বাউলি ।
আহিনৰ পথাৰত ৰমাদেৱীৰ সেউজীয়া ভৰা হাঁহি,
জোনাকৰ বাটত কৃষকৰ আশাবোৰ দিয়ে সিচি ।
ধৰালৈ নামিছে শুকুলা মেঘৰ ডেউকা মেলি,
শৰতৰ সন্ধিয়া দুৰ্গতি-নাশিনী শাৰদীয় ৰাণী ।
দুপৰ ৰাতি গছৰ ডালত খুটি-খোৱা ফেঁচাৰ কুৰুলী,
প্ৰহেলিকাবোৰে জাল মেলি আনে শীতৰ অনুভূতি ।
নন্দৰ নন্দন কানাইৰ বাঁহীৰ সুৰত নূপুৰৰ ধ্বনি,
নয়নানন্দ যমুনা নিৰন্তৰ বৈয়ে আছে ঢৌ খেলি ।
নন্দিত ৰাধাৰ নাচোনত বৃন্দাবন আজি উজাগৰি,
শৰতৰ জোনাকে ভৰা পুৰ্ণেন্দু ৰাতি উদুলি-মুদুলি ।।
No comments:
Post a Comment