এটা ছাতি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 16, 2021

এটা ছাতি


  • সুৰঞ্জনা শইকীয়া বৰুৱা
এটা ছাতি
ৰ'দে বৰষুণে দেহাটো
আংশিক ৰক্ষা কৰা এটা ছাতি
আমাৰ সকলোৰে আছে ।

বিভিন্ন ৰঙৰ কলা বগা নীলা সেউজীয়া
ফুলৰ চাপ থকা ...
বিভিন্ন আকাৰৰ সৰু ডাঙৰ
ভাজকৰিব পৰা ভাজ নকৰা ...
ছাতিবোৰৰ আছে নিজা বৈশিষ্ট !

ছাতিটো লৈ ফুৰা গৰাকীজনো বিভিন্ন মনৰ অধিকাৰী
ৰঙীয়াৰ, খঙাল,দয়ালু নিৰ্দয় ,হৃদয়বান...

মনৰ জোলোঙাতো ক'তজনে
ছাতিটোৰ দৰেই কঢ়িয়াই লৈ ফুৰে
বিভিন্ন ধৰণৰ সুখ দুখ
হাঁহি কান্দুন বিষাদৰ
একোটা ছাতি ভাজ কৰি
হৃদয়ৰ এচুকত ওলমাই থয়
মনৰ ছাতিটো ,
কোনেও নেদেখাকৈ ...!

কঢ়িয়াই লৈ ফুৰা ছাতিটো গৰাকীজনে কেতিয়াবা হেৰুৱাই
দোকানত , বাচত ,অফিচত হোটেলত
বাটে ঘাটে অনেক ঠাইত
ছাতিটো হেৰাই ...!!!
বৰ আলফুলে পোৱাজনে
ছাতিটো বুটলি লয় !

মনৰ জোলোঙাত কঢ়িয়াই ফুৰা ছাতিটো ক'তো নেহেৰাই...
বুকুৰ কোনোবাখিনিত
ওলমাই থোৱা ছাতিটো
কেতিয়াবা খুলি দিলে হয়তো
বৰ্ষাৰ প্ৰথম জাক বৰষুণত তিতাৰ
আমেজ দিয়ে ...
বকুল ফুলৰ সুবাস ছটিয়াই ...
কেতিয়াবা খুলি দিলে হয়তো
শাওণৰ ৰ'দজাকৰ দৰে বুকুখন দহে !!

এটা ছাতি আমাৰ সকলোৰে আছে
ছাতিটো ক'লা বগা নীলা সেউজীয়া
না না ফুলৰ চাপ থকা ...
আমি লৈ ফুৰো ছাতিটো !!

ডিগবৈ, মলিয়াবাৰী ।
পোষ্ট অফিচ : মলিয়াবাৰী
পিন : ৭৮৬ ১৭১

No comments:

Post a Comment

SPONSORED