শ্ৰমিক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 16, 2021

শ্ৰমিক


  • অনুভৱ প্ৰিয়ম মিৰি
আশীৰ্বাদ নে অভিশাপ
নাই জী থকাৰ প্ৰবল সংগ্ৰাম
কোন পূৰ্ব জন্মৰ কৰ্মফলত
তেওঁলোকৰ এই কৰুণ বৃত্তি !

তেওঁলোক সময়ক প্ৰমূল্য দি
কষ্টক ধাৰাশায়ী কৰি
অনায়াসে জীৱন উছৰ্গা কৰে কামত
কামৰ প্ৰতি অনিচ্ছা নাই তেওঁলোকৰ ।

তেওঁলোকৰ কামৰ অনিৰ্বাণ শক্তিত
সেওঁ মানে সূৰ্যৰ প্ৰখৰ তাপ
বৰষুণৰ উন্মাদ ধাৰাসাৰ
স্তব্ধ হয় ধুমুহাৰ দুৰ্বাৰ গতি
গা শিহৰিত কৰা শীতৰ কোলাহল ।

তেওঁলোকৰ হাতৰ পৰশত প্ৰাণ পাই উঠে
ওখ ওখ অট্টালিকাবোৰ
কাৰখানাত উৎপাদিত হয় সামগ্ৰীৰ মূল্য
কেঁচা ৰাস্তাবোৰ পকী হয়
নদীৰ বুকুত নিৰ্মিত হয় সেতু
তেওঁলোকৰ হাতুৰীৰ কোবত
কোমল হয় কঠিন শিল ।

ঠিকনা:
গাঁও: ভৰতচুক, ঢকুৱাখনা
ডাক: বগুম, থানা: ঘিলামৰা
জিলা: লখিমপুৰ, পিন: ৭৮৭০৫৫
ফোন:৯৩৬৫১০০০৭৫

No comments:

Post a Comment

SPONSORED