শিৱসাগৰৰ নাজিৰা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অঘটন, পাঠদান চলি থকাৰ সময়তে হঠাৎ ঢলি পৰিল তিনিগৰাকীকৈ ছাত্ৰী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, June 06, 2022

শিৱসাগৰৰ নাজিৰা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অঘটন, পাঠদান চলি থকাৰ সময়তে হঠাৎ ঢলি পৰিল তিনিগৰাকীকৈ ছাত্ৰী


ফাৰহান লস্কৰ, শিৱসাগৰঃ ৰাজ্য চৰকাৰে উন্নয়ন ডাক ঢোল বজাই থকাৰ সময়তে আজি শিৱসাগৰ জিলাৰ নাজিৰাত দেখা গল তাৰ এক বিপৰীত দৃশ্য। স্ব্যাস্থ্য বিভাগে চিকিৎসালয়ত ৰোগীৰ বাবে পৰ্যাপ্ত বিচনা যোগান ধৰিব নোৱাৰাত হাহাকাৰ লাগিছে ৰোগী আৰু ৰাইজৰ মাজত। এই ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলাৰ নাজিৰা চৰকাৰী সাহায্যপ্ৰাপ্ত চিকিতসালয়ত।


আজি নাজিৰাৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঠদান চলি থকাৰ সময়তেই হঠাৎ ঢলি পৰিল তিনিগৰাকীকৈ ছাত্ৰী। বিদ্যালয়খনৰ অষ্টম শ্ৰেণীৰ তিনিগৰাকীকৈ ছাত্ৰী ক্ৰমে জেচমিন বেগম, চুমচুমি গগৈ আৰু চুলতানা আহমেদ বুলি জানিব পৰা গৈছে। ততাতোয়াকৈ ছাত্ৰীকেইগৰাকীক নাজিৰা মহকুমা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়খনত বিচনাৰ অভাৱত পকা মজিয়াতে এগৰাকী ছাত্ৰী চটফটাই থকা দেখা পোৱা গ'ল। নাজিৰা মহকুমা চিকিৎসালয়ত বিচনাৰ বিপৰীতে অক্সিজেনৰো অভাৱ থকাৰ এক গুৰুত্বৰ অভিযোগ আনিছে বিদ্যালয়ৰখনৰ এগৰাকী শিক্ষয়িত্ৰীয়ে, যাৰ বাবে তিনিগৰাকীকৈ ছাত্ৰীয়ে উন্নত চিকিৎসা সেৱা লাভৰ পৰা বঞ্চিত হ'ব লগা হ'ল বুলি শিক্ষয়িত্ৰীগৰাকীয়ে। অৱশেষত উন্নত চিকিতসাৰ বাবে ছাত্ৰীকেইগৰাকীক জিলা জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

No comments:

Post a Comment

SPONSORED