নলবাৰীৰ মুকালমুৱাত পিষ্টলসহ আটক দুই যুৱক | Nalbari - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 25, 2022

নলবাৰীৰ মুকালমুৱাত পিষ্টলসহ আটক দুই যুৱক | Nalbari


মুকালমুৱাৰ শণিৰোডত পিষ্টলসহ দুজন যুৱকক আটক কৰে মুকালমুৱা আৰক্ষীয়ে। শণিৰোডৰ মাছ বজাৰত যুৱক দুজনক ৰাইজে আবদ্ধ কৰি গতাই দিয়ে মুকালমুৱা আৰক্ষীক। যুৱক দুজনে শনিৰোডৰ মাছ বজাৰত মাছ ক্ৰয় কৰিবলৈ যাওঁতে তেওঁলোকৰ লগত পিষ্টল থকা প্ৰত্যক্ষ কৰে স্থানীয়লোকে। এটা পিষ্টল আৰু এখন চোকা অস্ত্ৰ লগত থকা প্ৰত্যক্ষ কৰাৰ পাছতে যুৱক দুজনক আবদ্ধ কৰি গতাই দিয়ে মুকালমুৱা আৰক্ষীক। ঘটনাস্থলীত মুকালমুৱা আৰক্ষী উপস্থিত হৈ যুৱক দুজনক আটক কৰে। আটক কৰা যুৱক দুজন ক্ৰমে বঙাইগাঁওৰ ৰঞ্জন কলিতা আৰু নুনমাটি গুৱাহাটীৰ বাবলু ৰাজবংশী বুলি জানিব পৰা গৈছে। মুকালমুৱা আৰক্ষীয়ে দুয়োজনকে আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

মুকালমুৱাৰ পৰা ছাদিকুৰ ৰহমানৰ ৰিপোৰ্ট

No comments:

Post a Comment

SPONSORED