চতিয়াৰ এটি জৰাজীৰ্ণ গড়কাপ্তানি পথে জীয়াতু ভোগাইছে পথচাৰীক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 20, 2022

চতিয়াৰ এটি জৰাজীৰ্ণ গড়কাপ্তানি পথে জীয়াতু ভোগাইছে পথচাৰীক


চতিয়াৰ দক্ষিণাঞ্চলৰ এটি জৰাজীৰ্ণ গড়কাপ্তানি পথে এতিয়া জীয়াতু ভোগাইছে দহখনৰো অধিক গাঁৱৰ ৰাইজক। বিশ্বনাথ বিধাণ সভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ চতিয়াৰ বেজবৰুৱা পথৰ পৰা বোকাবিল সংযোগী পথটিৰ শোচনীয় অৱস্থাৰ বাবেই যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিছে পথচাৰীৰ লগতে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলেও। পথটিৰ দুৰৱস্থাৰ বাবেই যোৱা দিন সমূহত সংঘটিত হৈছে কেইবাটাও পথ দুৰ্ঘটনাও। পথটিৰ মেৰামতি তথা পুনৰ নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে স্থানীয় বিধায়ক গৰাকীৰ লগতে গড়কাপ্তানি বিভাগক বাৰম্বাৰ অনুৰোধ জনাই অহাৰ পাছতো পথটিৰ মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই সংশ্লিষ্ট বিভাগে। ৰাইজে শীঘ্ৰে পথচোৱা নিৰ্মানৰ দাবী জনাইছে৷

জামুগুৰিহাটৰ পৰা নৱজিৎ ভূঞাৰ ৰিপৰ্ট, সংবাদ প্ৰহৰী।

No comments:

Post a Comment

SPONSORED