Chapar || চাপৰত এগৰাকী নাবালিকা ধৰ্ষণ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 20, 2022

Chapar || চাপৰত এগৰাকী নাবালিকা ধৰ্ষণ


লম্পট পাষণ্ড অমিত প্ৰধান নামৰ বিবাহিত পূৰুষজনে বলপূৰ্বকভাবে ধৰ্ষণ কৰিলে এগৰাকী নাবালিকাক। মানৱ সমাজক লজ্জানত কৰা এই জঘন্য কাণ্ড সংঘটিত হৈছে চাপৰৰ ছাগলখুটিত।

ৰাজ্যত পুনৰ সংঘটিত হৈছে নাবালিকা ধৰ্ষণৰ দৰে জঘন্য ঘটনা। এইবাৰ ঘটনাৰ স্থান চাপৰ'ৰ ছাগলখুটি। এগৰাকী নাবালিকাক ধৰ্ষণ কৰি ৰঙা ঘৰৰ আলোহী হ'ল এজন ৪০ বছৰীয়া বিবাহিত ব্যক্তি। চাপৰ থানাৰ অন্তৰ্গত ছাগলখুটিত অমিত প্ৰধান নামৰ ব্যক্তি এজনে বুধবাৰে ঘৰত কোনো নথকাৰ সুযোগ লৈ নাবালিকা গৰাকীক ধৰ্ষণ কৰে। পিছত ঘটনাৰ উমান পাই স্থানীয় ৰাইজে হাতে-লোটে আটক কৰি আৱদ্ধ কৰি থয়। পিছত চাপৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত পৰা ধৰ্ষণকাৰী অমিত প্ৰধানক গ্ৰেপ্তাৰ কৰি আজি বৃহস্পতিবাৰে ১৯০/২২ নম্বৰৰ গোচৰ'ৰ ভিত্তিত জে'ল হাজো'তলৈ প্ৰেৰণ কৰে। উক্ত ঘটনাই সমগ্র ছাগলখুটি গাওঁৰ লগতে বৃহত্তৰ চাপৰ অঞ্চলত সৃষ্টি কৰিছে তীব্র চাঞ্চল্যৰ।

No comments:

Post a Comment

SPONSORED