Jagiroad || Nelie || জাগীৰোডৰ নেলীত সদৌ তিৱা ছাত্ৰ সন্থাৰ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 20, 2022

Jagiroad || Nelie || জাগীৰোডৰ নেলীত সদৌ তিৱা ছাত্ৰ সন্থাৰ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন


তিৱা স্বায়ত্ত্ব পৰিষদক ষষ্ঠ অনুসুচীত অন্তৰ্ভূক্ত কৰাৰ লগতে অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰন ২০১৭ বাতিল আৰু ১৯৯৭ চনত স্বাক্ষৰিত হোৱা তিৱা ভাষা চুক্তি ৰূপায়নৰ দাবীসহ ৭ টা দাবীৰে উচিত পদক্ষেপ গ্ৰহন কৰি অতিশীঘ্ৰে সমাধান কৰিবলৈ জাগীৰোডৰ নেলীত সদৌ তিৱা ছাত্ৰ সন্থাৰ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত সদৌ তিৱা ছাত্ৰ সন্থাৰ লগতে সদৌ তিৱা সুৰক্ষা সমিতি, ঐতিহাসিক তিৱা ৰাজদৰবাৰ আৰু আদিবাসী ছাত্ৰ সন্থাই অংগ্ৰহন কৰি অসম চৰকাৰে আজিৰ তাৰিখতো তিৱা স্বায়ত্ত্ব পৰিষদৰ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰণত ভেকোভাওনা কৰি অহাৰ অভিযোগ উত্থাপন কৰে।

প্ৰায় সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে নেলীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ কপাই তোলে৷ প্ৰতিবাদস্থলীত উপস্থিত হৈ মৰিগাঁও চক্ৰ বিষয়া হৃদয় কুমাৰৰ জৰিয়তে মূখ্যমন্ত্ৰীলৈ প্ৰতিবাদকাৰী সকলে সমস্যা সমাধানৰ দাবী স্মাৰকপত্ৰ প্ৰদান কৰে৷

জাগীৰোডৰ পৰা ৰঞ্জু আমছি ৰিপৰ্ট, সংবাদ প্ৰহৰী।

No comments:

Post a Comment

SPONSORED